টীম ইণ্ডিয়াত নতুন স্পীডষ্টাৰ মায়াংক।গঢ়িলে অভিলেখ।

DY365
DY365
Published: October 7,2024 05:43 PM
DY365

Story highlights

টীম ইণ্ডিয়াত নতুন স্পীডষ্টাৰ মায়াংক।গঢ়িলে অভিলেখ।

৭ অক্টোবৰ,২০২৪ -   টীম ইণ্ডিয়াত নতুন স্পীডষ্টাৰ মায়াংক।গঢ়িলে অভিলেখ। 



বাংলাদেশৰ বিৰুদ্ধে অভিষেক মেচতেই উজলি উঠিল টীম ইণ্ডিয়াৰ যুৱ তাৰকা মায়াংক যাদৱ। বিগত আইপিএল ছিজনত নিজৰ গতিবেগেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা মায়াংকে অভিষেক মেচৰ প্ৰথম অভাৰটোৱেই মেইডেন অভাৰ বলিং কৰি গঢ়িলে আন এক ৰেকৰ্ড। অভিষেক মেচৰ প্ৰথম অভাৰটোৱেই মেইডেন অভাৰ বলিং কৰা মায়াংক যাদৱ হৈছে ভাৰতৰ পঞ্চমজন বলাৰ। ইয়াৰ পূৰ্বে অজিত আগৰকাৰ, খলীল আহমেদ, অৰ্শ্বদীপ সিং, নৱদ্বীপ চাইনী এই ৰেকৰ্ডৰ অধিকাৰী আছিল। পাৱাৰপ্লেৰ অন্তিমটো অভাৰত বলিং কৰিবলৈ অহা মায়াংকে নিজৰ স্পেলটোত ৪ অভাৰত ২১ ৰাণৰ বিনিময়ত এটা উইকেট দখল কৰে। প্ৰথম অভাৰটোত মায়াংক যাদৱৰ গতিবেগ আছিল ১৪৭ কিলোমিটাৰ প্ৰতিঘণ্টা।উল্লেখ্য যে গোৱালিয়ৰত অনুষ্ঠিত খেলখনত টীম ইণ্ডিয়াই বাংলাদেশক ৭ উইকেটৰ বিশাল ব্যৱধানত পৰাস্ত কৰে।


Related

TWITTER

FACEBOOK